এমুঠি -সাগৰ

Available at Select Retailers

এমুঠি-সাগৰ কিতাপখন মোৰ জীৱনৰ অনুভূতি আৰু আৱেগক সাহিত্য আকাৰে সমাজৰ সন্মুখত দাঙি ধৰাৰ এক বিনম্ৰ প্ৰচেষ্টা মাথোঁ। বহু বছৰ ধৰি মই ছেগা-চোৰোকাকৈ কবিতা লিখোঁ যেতিয়া অনুভূতি মোৰ হৃদয় স্পন্দন ৰ পৰা ওলাই শব্দৰ আকাৰ লয়। সময়ৰ চক্ৰত মই বহুতো কবিতা হেৰাইছো যদিও,অন্তৰৰ আৱেগৰ পৰা কিছু অনুভৱ গোটাই "এমুঠি-সাগৰ" ৰ সংকলন হিচাপে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। হৃদয়ত উৎপন্ন হোৱা ভাৱনাবোৰ মুখেৰে যেতিয়া প্ৰকাশ কৰিব নোৱাৰা হৈ পৰে তেতিয়া সেইবোৰে মনৰ সাগৰত ঢৌ তুলিবলৈ আৰম্ভ কৰে আৰু আলফুলে পাৰ ভাঙে মনৰ নিজান কোঠালিত। তেতিয়াই হৃদয়ৰ কোনোবা এক নিভৃত কোণত গুপুতে সৃষ্টি হয় ভাৱনাৰ খলকনি আৰু জন্ম হয় কবিতাৰ লানি। "এমুঠি -সাগৰ" ৰ প্ৰতিটো কবিতাই মোৰ অন্তৰৰ অনুভূতি আৰু অনুভৱ যাক শব্দৰ দ্বাৰা সজাবলৈ চেষ্টা কৰা হৈছে। "এমুঠি -সাগৰ" কবিতা সংকলন খনত গতানুগতিক জীৱনৰ ভাল -বেয়া, আশা-নিৰাশা, হেঁপাহ, আকাংক্ষা, খং-অভিমান, প্ৰেম-ভালপোৱা, হাঁহি -ধেমালি আদি ভাববোৰৰ সমাহাৰৰ লগতে সামাজিক, ৰাজ&

Other books by তনুপ্ৰিয়া কলিতা